September 8, 2026 8:17 PM | Jyotiraditya Condolence

printer

মণিপুৰৰ বাদ্যযন্ত্রী ছংথম বিক্রম সিঙৰ হত্যাক লৈ ড’নাৰ মন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীত মণিপুৰৰ বাদ্যযন্ত্রী ছংথম বিক্রম সিঙৰ হত্যাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিৰ নিৰাপত্তা আৰু মর্যাদাৰ বিষয়টোক লৈ কোনো কাৰণতে আপোচ কৰিব নোৱাৰি। তেওঁ ঘটনাৰ সৈতে জড়িত দুস্কৃতিকাৰীসকলক আইন অনুযায়ী কঠোৰ শাস্তি বিহাৰ বাবে ক্ষীপ্ৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আৰু পুংখানুপুংখ তদন্ত কৰিবলৈ দিল্লী আৰক্ষীৰ প্ৰতি আহ্বান জনায়। তেওঁ লগতে প্রয়াত বাদ্যযন্ত্ৰীগৰাকীৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে দিল্লীত শাৰিৰীক নিৰ্যাতনৰ বলি হোৱাৰ পাছত ছংথম বিক্রম সিঙৰ মৃত্যু হোৱা বুলি অভিযোগ উঠিছে। দক্ষিণ-পূব দিল্লীৰ আৰক্ষী উপায়ুক্ত বিনীত কুমাৰে এই ঘটনা সংক্রান্তত ৭জন লোকক গ্ৰেপ্তাৰ আৰু এজন কিশোৰক আটক কৰা হৈছে বুলি জানিবলৈ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।