মণিপুৰ চৰকাৰে যোৱা নিশা ১১ বাজি ৪৫ মিনিটৰ পৰা কাৰ্যকৰী হোৱাকৈ ৫ দিনৰ বাবে ৰাজ্যখনৰ পাঁচখন জিলাত ইণ্টাৰনেট আৰু ম’বাইল ডাটা সেৱা বন্ধ কৰিছে। এই জিলাকেইখন হৈছে- পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবল, বিষ্ণুপুৰ আৰু কাকসিং। ৰাজ্যখনৰ গৃহ বিভাগৰ আয়ুক্তসচিব এন অশোক কুমাৰে কৈছে যে, জিলাকেইখনত আইন শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমাজ বিৰোধী শক্তিয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰি ঘৃণা বিয়পোৱা ফটো, মন্তব্য তথা ভিডিঅ’ বাৰ্তাৰে জনসাধাৰণক বিপথে পৰিচালিত কৰিব পাৰে বুলি আশংকা কৰি এই সিদ্ধান্ত লোৱা হৈছে। কোনো লোকে এই নির্দেশ ভংগ কৰিলে আইনী ব্যৱস্থাৰ মুখামুখি হ’ব লাগিব বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে যোৱা নিশা আৰাম্বাই টেংগোল নামৰ এজন মেইটেই নেতাক গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছত এই নিৰ্দেশ জাৰি কৰা হয়।
Assamese | June 8, 2025 12:46 PM | Manipur Internet shutdown
মণিপুৰৰ পাঁচখন জিলাত ৫ দিনৰ বাবে ইণ্টাৰনেট আৰু ম’বাইল ডাটা সেৱা বন্ধ