মণিপুৰত চিবিআইয়ে যোৱা নিশা আৰাম্বাই টেংগল নামৰ বিদ্রোহী সংগঠনটোৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰাৰ পাছতেই ৰাজ্যখনৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে। পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলাত সাধাৰণ জনতাই হিংসাত্মক প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ইয়াৰ পিছতেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে যোৱা নিশা ১১ বাজি ৪৫ মিনিটৰ পৰা কাৰ্যকৰী হোৱাকৈ ৫ দিনৰ বাবে ৰাজ্যখনৰ পাঁচখন জিলাত ইণ্টাৰনেট আৰু ম’বাইল ডাটা সেৱা বন্ধ কৰিছে। এই জিলাকেইখন হৈছে- পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবল, বিষ্ণুপুৰ আৰু কাকসিং। ৰাজ্যখনৰ গৃহ বিভাগৰ আয়ুক্ত সচিব এন অশোক কুমাৰে কৈছে যে, জিলাকেইখনত আইন শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমাজ বিৰোধী শক্তিয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰি ঘৃণা বিয়পোৱা ফটো, মন্তব্য তথা ভিডিঅ’ বাৰ্তাৰে জনসাধাৰণক বিপথে পৰিচালিত কৰিব পাৰে বুলি আশংকা কৰি এই সিদ্ধান্ত লোৱা হৈছে।
Assamese | June 8, 2025 8:48 PM | Manipur Internet shutdown
মণিপুৰৰ পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবল, বিষ্ণুপুৰ আৰু কাকসিং জিলাত ইণ্টাৰনেট সেৱা বন্ধ