মঙলবাৰে পুৱা ১১ বজাত হাইস্কুল শিক্ষান্ত কম্পার্টমেণ্টেল পৰীক্ষা ২০২৬ৰ ফলাফল ঘোষণা কৰিব

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে মঙলবাৰে পুৱা ১১ বজাত হাইস্কুল শিক্ষান্ত কম্পার্টমেণ্টেল পৰীক্ষা ২০২৬ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে কালি সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি সকলো পৰীক্ষার্থীলৈ শুভকামনা জ্ঞাপন কৰে।

পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব।