June 16, 2026 4:10 PM | CNG Launch

printer

মঙলদৈ আৰু তেজপুৰত CNG প্রকল্প উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্রাকৃতিক গেছৰ যোগান প্রকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত দুটা CNG প্রকল্প ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাৱে ইন্ধন যোগানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। আজি বিয়লি চাৰে ৫ বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্রীয়ে এই প্রকল্পকেইটাৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত মন্ত্রী বিমল বৰা আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়া উপস্থিত থাকিব।