অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা অহা লোকেও অসমৰ ভোটাৰ তালিকাত নামভৰ্তি কৰিব পাৰিব বুলি একাংশ সংবাদ পত্ৰত প্ৰকাশিত বাতৰি শুদ্ধ নহয় বুলি ৰাজ্যৰ নিৰ্বাচন বিভাগে স্পষ্ট কৰি দিছে। আজি প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত ৰাজ্যৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াই কয়, যে দীর্ঘকালৰ বাবে বসবাস কৰাৰ অভিপ্ৰায়েৰে আহি সাধাৰণভাবে অসমত বসবাস কৰি থকা ব্যক্তিয়েহে ৮ নম্বৰ প্ৰপত্ৰৰ জৰিয়তে অসমৰ কোনো ভোটগ্রহণ কেন্দ্ৰলৈ নাম স্থানান্তৰৰ বাবে আবেদন কৰিব পাৰিব। নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰি সেই আবেদন বিবেচনা কৰা হ’ব আৰু সেই অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি বিজ্ঞপ্তিখনত উল্লেখ কৰা হৈছে। আনহাতে, ইতিমধ্যে ভোটাৰ তালিকাত নাম থকা কোনো ব্যক্তি উচ্ছেদ বা আন কোনো কাৰণত বাসস্থান স্থানান্তৰিত হ’লে তেওঁলোকে বর্তমান থকা এলেকাৰ ভোটগ্রহণ কেন্দ্ৰলৈ নাম স্থানান্তৰৰ বাবে ৮ নম্বৰ প্ৰপত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰিব। এই ক্ষেত্ৰত পঞ্জীয়নভুক্ত ভোটদাতাসকলৰ নাম বাদ পৰি যোৱাৰ কোনো আশংকা নাই বুলি বিজ্ঞপ্তিখনত স্পষ্ট কৰি দিয়া হৈছে।
Assamese | November 19, 2025 6:42 PM | ECI Assam
ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা অহা লোকেও অসমৰ ভোটাৰ তালিকাত নামভৰ্তি কৰিব পাৰিব বুলি প্ৰকাশিত বাতৰি শুদ্ধ নহয় বুলি ৰাজ্যৰ নিৰ্বাচন বিভাগৰ স্পষ্টীকৰণ