ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৩ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিতৰণ কৰা প্ৰ-পত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল’বলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৯.৯৩ শতাংশ। আয়োগে প্রকাশ কৰা মতে বৰ্তমানলৈকে প্ৰায় ৪৯ কোটি প্ৰপত্ৰৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে। দেশৰ ৯খন ৰাজ্য আৰু তিনিটা কেন্দ্ৰীয় শাসিত অঞ্চলত ৪ নৱেম্বৰত দ্বিতীয় পৰ্যায় ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ আৰম্ভ হৈছিল। ১৪ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশেৰে এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব।
Assamese | December 7, 2025 11:43 AM | Election Commission Assam
ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ দ্বিতীয় পৰ্যায়ত ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৩ লাখৰো অধিক গণনাপত্ৰ বিতৰণ