আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে নতুন দিল্লী বিধানসভা সমষ্টিত ভোটাৰ তালিকাক লৈ উঠা অনিয়মৰ অভিযোগ সন্দৰ্ভত মুখ্য নির্বাচন আয়ুক্তলৈ পত্র লিখিছে। পত্ৰখনত শ্ৰী কেজৰিৱালে নতুন দিল্লী বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকী ভুৱা পৰিচয়পত্ৰ প্ৰস্তুত কৰাৰ ঘটনাত জড়িত বুলি অভিযোগ তুলিছে। তেওঁ এই সন্দৰ্ভত এখন এজাহাৰ ৰুজু কৰিবলৈ আৰু বিজেপিৰ প্রার্থীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগৰ প্ৰতি আহ্বান জনাইছে।
Assamese | January 12, 2025 11:18 AM | AAP Appeal
ভোটাৰ তালিকাক লৈ উঠা অনিয়মৰ অভিযোগ সন্দৰ্ভত মুখ্য নির্বাচন আয়ুক্তলৈ আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ পত্র