নির্বাচন আয়োগে ভোটগ্ৰহণৰ দিনা আৰু ইয়াৰ এদিন পূৰ্বে ৰাজ্যিক বা জিলা পৰ্যায়ৰ মিডিয়া চাৰ্টিফিকেশ্বন এও ম’নিটৰিং কমিটীৰ আগতীয়া অনুমতি অবিহনে ৰাজনৈতিক দল, প্রার্থী, সংগঠন বা কোনো ব্যক্তিৰ দ্বাৰা ছপা মাধ্যমত বিজ্ঞাপন প্ৰকাশত বাধা আৰোপ কৰিছে। ভোটগ্ৰহণৰ ঠিক আগমুহূৰ্তত প্ৰকাশ পোৱা বিভ্ৰান্তিকৰ অথবা আপত্তিজনক বিজ্ঞাপনে ক্ষতিগ্রস্ত কৰা পক্ষই আত্মপক্ষ সমর্থনৰ কাৰণে কোনো সময় বা সুযোগ নোপোৱাৰ পৰিপ্ৰেক্ষিতত নির্বাচন আয়োগে এই স্থিতি গ্ৰহণ কৰিছে। সংবিধানৰ ৩২৪ নম্বৰ অনুচ্ছেদৰ অধীনত প্রদত্ত ক্ষমতাৰ প্ৰয়োগেৰে এনে যিকোনো প্ৰকাৰৰ আপত্তিজনক বিজ্ঞাপন প্ৰকাশৰ ঘটনা প্ৰতিৰোধ কৰাৰ বাবে আয়োগে এই নিৰ্দেশ জাৰি কৰিছে।
Assamese | April 21, 2024 11:39 AM | Lok Sabha Elections 2024
ভোটগ্ৰহণৰ দিনা আৰু ইয়াৰ এদিন পূৰ্বে আয়োগৰ অনুমতি অবিহনে ছপা মাধ্যমত বিজ্ঞাপন প্ৰকাশত নির্বাচন আয়োগৰ বাধা আৰোপ