ভূটানৰ ৰজাৰ লগতে দেশখনৰ জনসাধাৰণৰ আন্তৰিকতা আৰু উদাৰতাত অভিভূত বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। দেশখনৰ গেলেফু মাইণ্ডফুলনেচ চিটীত ১০৮টা স্তূপ উদ্বোধনৰ পাছতে প্রধানমন্ত্রী মোদীক দেশখনে সন্মান জনাইছে। ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংচুক আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে প্ৰধানমন্ত্ৰীলৈ ৭৬ সংখ্যক স্তূপটো উৎসৰ্গা কৰি ফলক উন্মোচন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে তেওঁ ভাৰতৰ জনসাধাৰণৰ হৈ এই সন্মান প্ৰদৰ্শনক গভীৰ কৃতজ্ঞতাৰে গ্ৰহণ কৰিছে। তেওঁ লগতে ভাৰত আৰু ভূটানৰ অংশীদাৰিত্ব, আধ্যাত্মিক আৰু সভ্যতাৰ ঐতিহ্যৰ ক্ষেত্ৰত জাংচুব চোৰ্টেন এটা প্ৰতীক হিচাপে পৰিগণিত হৈ থাকিব বুলি মন্তব্য কৰে।
Assamese | November 4, 2026 11:24 AM | PM
ভূটানৰ ৰজাৰ লগতে দেশখনৰ জনসাধাৰণৰ আন্তৰিকতা আৰু উদাৰতাত অভিভূত বুলি প্রধানমন্ত্রীৰ মত প্ৰকাশ