ভূটানৰ বৈদেশিক মন্ত্রীক সাক্ষাৎ মন্ত্ৰী ড০ এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি থিম্ফুত ভূটানৰ বৈদেশিক মন্ত্রী লিয়নপ ডি এন ধুংগিয়েলক সাক্ষাৎ কৰে আৰু যুটীয়াভাৱে সহযোগিতাৰ ওপৰত পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ড০ জয়শংকৰে কয় যে আলোচনা কালত তেওঁলোকে উন্নয়নমূলক অংশীদাৰিত্ব, শক্তি, বাণিজ্য, সংযোগ, সংস্কৃতি আৰু জনসাধাৰণৰ মাজত ভাৰত-ভূটানৰ বহুমুখী সম্পৰ্কক আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে আজিৰ আলোচনা দুয়োখন ৰাষ্ট্ৰৰ সম্পৰ্ক, বিশ্বাস আৰু সদিচ্ছা প্ৰতিফলিত কৰিছে। ড০ জয়শংকৰে বুমথাঙৰ আধ্যাত্মিক আৰু ঐতিহাসিক কেন্দ্ৰত তেওঁক আতিথ্য প্ৰদান কৰাৰ বাবে ভূটানৰ মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।