আছাম ৰাইফলছে ভাৰত-ম্যানমাৰ সীমান্তত অভিযান চলাই কালি বুজন পৰিমাণৰ মেথামফেটামাইন টেবলেটসহ এজন সৰবৰাহকাৰীক আটক কৰে। মাদক দ্রব্যখিনিৰ বজাৰ মূল্য ৩৩ কোটি টকাৰো অধিক হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। প্ৰতিৰক্ষা মুখপাত্ৰই জনোৱা মতে ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপত মাদক দ্রব্য সৰবৰাহ সন্দৰ্ভত লাভ কৰা গোপন সূত্ৰৰ ভিত্তিত আছাম ৰাইফলছে মিজোৰাম আৰক্ষীৰ সৈতে ছাইটুৱেল জিলাৰ কাইফাং অঞ্চলত অভিযান চলায়। এই অভিযানত ১১ কিলোগ্ৰামৰো অধিক মেথামফেটামাইন টেবলেট জব্দ কৰা হয়। আছাম ৰাইফলছে লগতে অসমৰ বদৰপুৰ জিলাৰ নিবাসী হাছান আলী নামৰ সৰবৰাহকাৰীজনক আটক কৰি মিজোৰাম আৰক্ষীক গতাই দিয়ে।
Assamese | January 3, 2026 12:51 PM | DRUGS SEIZED
ভাৰত-ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ অভিযানত মেথামফেটামাইন টেবলেটসহ এজন সৰবৰাহকাৰীক আটক