ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি কয় যে বিশ্ব মঞ্চত ভাৰত কেৱল অর্থনৈতিক স্বাধীনতাৰ বাবেই নহয়, অর্থনৈতিক ভূমিকা সম্প্ৰসাৰণৰ লক্ষ্যৰ দিশতো আগবাঢ়ি আছে। নতুন দিল্লীত ফুটৱেৰ ডিজাইন এণ্ড ডেভেলপমেণ্ট ইনষ্টিটিউট -এফ ডি ডি আইৰ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়। শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে যে ২০২৪-২৫ বিত্তীয় বৰ্ষত দুহেজাৰ ৫০০ মিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ ৰপ্তানিৰে অৰ্থনীতি বৃদ্ধিৰ ক্ষেত্ৰত জোতা উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জনাই তেওঁ কয় যে পৰৱৰ্তী প্ৰজন্মৰ দক্ষ যুৱচামে বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্য পূৰণ কৰিব।
Assamese | December 1, 2025 9:37 PM | President Murmu
ভাৰত বিশ্ব মঞ্চত কেৱল অর্থনৈতিক স্বাধীনতাৰ বাবেই নহয়, অর্থনৈতিক ভূমিকা সম্প্ৰসাৰণৰ লক্ষ্যৰ দিশতো আগবাঢ়ি আছেঃ ৰাষ্ট্ৰপতি