কেন্দ্ৰীয় চৰকাৰে ভাৰত-বাংলাদেশ সীমান্তৰ সাম্প্রতিক স্থিতি নিৰীক্ষণৰ বাবে এখন কমিটি গঠন কৰিছে। এই কমিটিখনে বাংলাদেশত থকা ভাৰতীয় নাগৰিক তথা সংখ্যালঘু সম্প্রদায়ৰ লোকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বাংলাদেশ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ বৰ্তাই ৰাখিব। সীমান্ত সুৰক্ষা বাহিনীৰ ইষ্টার্ণ কমাণ্ডৰ অতিৰিক্ত সঞ্চালক প্রধানক কমিটিখনৰ মুৰববী হ’ব আৰু সীমান্ত সুৰক্ষা বাহিনীৰ দক্ষিণ বংগৰ সীমান্ত মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক, সীমান্ত সুৰক্ষা বাহিনীৰ ত্ৰিপুৰা সীমান্ত মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক, ভাৰতীয় ভূ-বন্দৰ প্ৰাধিকৰণৰ উন্নয়ন আৰু পৰিকল্পনা শাখাৰ সদস্য আৰু ভাৰতীয় ভূ-বন্দৰ প্ৰাধিকৰণৰ সচিবগৰাকীক কমিটীখনত সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব।
Assamese | August 9, 2024 8:33 PM | Indo-Bangladesh Committee
ভাৰত-বাংলাদেশ সীমান্তৰ সাম্প্রতিক স্থিতি নিৰীক্ষণৰ বাবে সমিতি গঠন