December 21, 2025 7:04 PM | Indian-Bangladesh Border

printer

ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ প্রভাব যাতে ভাৰতত নপৰে তাৰ বাবে সীমান্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। কাছাৰ জিলাৰ কাটিগড়াৰ নাটানপুৰ অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ ১৭০ নম্বৰ বেটেলিয়নৰ তত্বাৱধানত দিনে-নিশাই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অঞ্চলটোত বি এছ এফৰ অতিৰিক্ত জোৱানো নিয়োগ কৰা হৈছে। তদুপৰি নাইট ভিজন কেমেৰা, চি চি টিভিকে ধৰি ২৪ ঘণ্টাই সতর্কতা অৱলম্বন কৰা হৈছে।