কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে প্ৰকাশ কৰিছে যে ভাৰত এখন বর্ধিত বজাৰ আৰু বিশ্বৰ দ্রুত বিকাশশীল অর্থনীতি। নতুন দিল্লীত কালি ভাৰত-মধ্যপ্রাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (IMEC) সন্মিলন, মন্ত্ৰীগৰাকীয়ে সম্বোধন কৰি এইদৰে কয়। শ্রীগোৱেলে কয়, যে উপযুক্ত দৰ লাভ কৰা দেশসমূহৰ সৈতে ভাৰতৰ বাণিজ্য সম্পর্ক কেন্দ্ৰীয় চৰকাৰে সম্প্ৰসাৰণ কৰি আছে। তেওঁ লগতে কয়, যে ন্যায়সংগত আৰু সন্তুলিত মুক্ত বাণিজ্য চুক্তি স্থাপন কৰিব পৰা দেশসমূহৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাত চৰকাৰে গুৰুত্ব দিছে। মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে ওমানতো বাণিজ্য সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত আলোচনা আৰম্ভ হৈছে।
Assamese | April 17, 2025 10:22 AM | Piyush Goel
ভাৰত বর্ধিত বজাৰ আৰু বিশ্বৰ দ্রুত বিকাশশীল অর্থনীতি : মন্ত্রী পীযুষ গোৱেল