মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত-নিউজিলেণ্ড টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টত নিউজিলেণ্ডে ২৫ ৰানত জয়লাভ কৰিছে। আজি তৃতীয় দিনা জয়ৰ বাবে আলহী দলটোৱে নিৰ্ধাৰণ কৰি দিয়া ১৪৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ১২১ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ ঋষভ পণ্টে সৰ্বাধিক ৬৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দলৰ ৮ গৰাকী বেট্ছমেনে দুটা অংকৰ ঘৰো স্পৰ্শ কৰিব নোৱাৰিলে। নিউজিলেণ্ডৰ হৈ এজাজ পেটেলে ছটা উইকেট দখল কৰি খেলখনত সৰ্বমুঠ ১১ টা উইকেট দখল কৰে। উল্লেখযোগ্য যে তিনিখনীয়া টেষ্ট শৃংখলাটোত নিউজিলেণ্ডে ৩-০ৰ ব্যৱধানত জয় সাব্যস্ত কৰে।
Assamese | November 3, 2024 7:37 PM | India-New Zeeland Cricket Test Series
ভাৰত-নিউজিলেণ্ড টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টত নিউজিলেণ্ডৰ ২৫ ৰানত জয়লাভ