মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ দক্ষতা বিকাশৰ দিশত যুৱ প্রতিভাসকলে অত্যাধুনিক প্রশিক্ষণ লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। শেহতীয়াকৈ অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ভাৰত দক্ষতা ৰাষ্ট্ৰীয় প্ৰতিযোগিতা, ২০২৪-ত অংশগ্ৰহণ কৰি ৰাজ্যৰ কেইবাগৰাকীও যুৱক- যুৱতীয়ে শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে গৌৰৱ কঢ়িয়াই আনিছে। এই প্ৰতিযোগিতাৰ বিউটী থেৰাপি শাখাত স্বৰ্ণ জয় কৰি প্ৰীতিশা বৰ্মনে ফ্ৰান্সৰ লায়নত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড স্কীল্ছ, ২০২৪ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে যোগ্যতা অর্জন কৰিছে। একেদৰে নিজ নিজ দক্ষতা ক্ষেত্ৰত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি এই প্ৰতিযোগিতাত অসমৰ আন ৪ গৰাকী যুৱ প্রতিভা মৃদুস্মিতা, দ্বৈপায়ন, যদুমণি আৰু সুশীলা লাক্ৰাই পদক জয় কৰিবলৈ সমৰ্থ হৈছে। দক্ষতা বিকাশ মন্ত্রী জয়ন্ত মল্লবৰুৱাই কালি প্ৰতিযোগিতাৰ বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে।
Assamese | May 20, 2024 12:42 PM | Skill development
ভাৰত দক্ষতা ৰাষ্ট্ৰীয় প্ৰতিযোগিতা, ২০২৪-ত ৰাজ্যৰ কেইবাগৰাকীও যুৱক- যুৱতীৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন