ভাৰত আৰু লেবাননে কালি দুয়ো দেশৰ দ্বিপাক্ষিক সম্পর্ক সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। দুয়ো দেশৰ ৰাজনৈতিক সুৰক্ষা, অর্থনৈতিক তথা সমাজ-সংস্কৃতিৰ ভেটিসমূহ শক্তিশালী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ বিতংভাৱে আলোচনা কৰে। উল্লেখযোগ্য যে কালি নতুন দিল্লীত প্ৰথম ভাৰত-লেবানন বৈদেশিক কাৰ্যালয়ৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰীপ্ৰিয়া ৰংগনাথন আৰু লেবাননৰ বৈদেশিক পৰিক্ৰমা আৰু প্ৰব্ৰজন মন্ত্ৰালয়ৰ সচিব প্ৰধান আব্দেল ছাট্টাৰ ইছাই সহ অধ্যক্ষতা কৰে। বৈঠকত দুয়োখন দেশে বাণিজ্য আৰু বিনিয়োগ, ডিজিটেল ৰাজহুৱা আন্তঃগাথনি, ঔষধ খণ্ডত অগ্ৰাধিকাৰ দিয়াৰ পোষকতা কৰে। দুয়োখন দেশৰে পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়তো এই বৈঠকত আলোচনা কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে কয়, যে কালি অনুষ্ঠিত এই বৈঠকে ভাৰত আৰু লেবাননৰ দ্বিপাক্ষিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াব।
Assamese | November 10, 2026 12:37 PM | India-labanan
ভাৰত আৰু লেবানন দুয়ো দেশৰ দ্বিপাক্ষিক সম্পর্ক সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত