ভাৰতে আজি মালদ্বীপৰ সৈতে কৃষি আৰু মীন পালন, ভাৰতীয় ফাৰ্মাক’পিয়াৰ ডিজিটেল সমাধান আৰু স্বীকৃতি সন্দৰ্ভত চাৰিখন বুজাবুজিৰ চুক্তি আৰু আন তিনিখন চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ উপৰি ভাৰতে মালদ্বীপলৈ ৪ হাজাৰ ৮৫০ কোটি টকাৰ সুদবিহীন ঋণ আগবঢ়াইছে। দুয়োখন দেশৰ মাজত আজি ভাৰত- মালদ্বীপ মুক্ত বাণিজ্য চুক্তিৰ প্রাসঙ্গিক নীতি-নিয়মসমূহো আলোচনা কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জুৱে আজি দেশখনৰ ৰাজধানী মালেৰ ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়ত প্ৰতিনিধি পৰ্য্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত শ্রীমোদীৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল আৰু দুয়োখন দেশৰে কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই ভাগ লয়। ইয়াৰ পূৰ্বে দ্বিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত আজি মালদ্বীপৰ ৰাজধানী মালেত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজুৱে ভেলেনা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আদৰণি জনায়।
আজিৰ বৈঠকত দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ সম্বলিত বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়। তেওঁলোকে ব্যাপক অর্থনৈতিক আৰু সামুদ্রিক সুৰক্ষা অংশীদাৰিত্বৰ ক্ষেত্ৰত ভাৰত-মালদ্বীপৰ যুটীয়া দৃষ্টিভংগী ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে, ২০২৪ চনৰ অক্টোবৰত ৰাষ্ট্ৰপতি মুইজ্জুৰ ভাৰত ভ্ৰমণৰ সময়ত এই অংশীদাৰিত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।
শ্ৰী মোদীয়ে কাইলৈ মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
Assamese | July 25, 2025 8:44 PM | India-Maldives
ভাৰত আৰু মালদ্বীপৰ মাজত চাৰিখন বুজাবুজিৰ চুক্তিৰ লগতে আন তিনিখন চুক্তিত স্বাক্ষৰ