ভাৰত আৰু মংগোলীয়াৰ যুটীয়া সামৰিক অনুশীলন উত্তৰাখণ্ডৰ পিথৰাগড়ত আৰম্ভ

ভাৰত আৰু মংগোলীয়াৰ যুটীয়া সামৰিক অনুশীলন নমাদিক এলিফেণ্টৰ ১৮ সংখ্যক সংস্কৰণ আজিৰে পৰা উত্তৰাখণ্ডৰ পিথৰাগড়ৰ ফৰেন ট্রেইনিং না’দত আৰম্ভ হৈছে। এই অনুশীলন অহা ৩ অক্টোবৰলৈ চলিব। প্ৰতিৰক্ষা মন্ত্রালয়ে প্রকাশ কৰে যে এয়া হৈছে ভাৰত আৰু মংগোলীয়ৰ মাজত প্ৰতি বছৰে অনুষ্ঠিত প্লেটুন পৰ্যায়ৰ অনুশীলন।

এই অনুশীলনৰ শেহতীয়া সংস্কৰণটো যোৱা বৰ্ষৰ মে’, জুন মাহত মংগোলীয়ৰ উলানবাতাৰত অনুষ্ঠিত হৈছিল। ভাৰতীয় সেনা আৰু মংগোলীয়ৰ সশস্ত্র সেনাৰ পৰা ৪৫ জনকৈ জোৱানে এই অনুশীলনত অংশগ্ৰহণ কৰে।