ভাৰত আৰু বেলজিয়ামে চাইবাৰ সুৰক্ষা, কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত চলা মানৱবিহীন বিমান ব্যৱস্থা, জটিল অস্ত্র শস্ত্ৰকে ধৰি আন কেবাটাও ক্ষেত্ৰৰ সহযোগিতাত অগ্রাধিকাৰ দি আহিছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত-বেলজিয়ামৰ প্ৰতিৰক্ষাৰ মুখ্য কাৰ্যবাহী বিষয়াৰ বৈঠকত প্ৰতিৰক্ষা ৰাজ্য মন্ত্রী সঞ্জয় শেঠে এইদৰে কয়।
মন্ত্ৰীগৰাকীয়ে কালি বেলজিয়ামৰ প্ৰতিৰক্ষা আৰু বৈদেশিক বাণিজ্য মন্ত্রী থিও ফ্রাংকেনক সাক্ষাৎ কৰে। শ্রী শেঠে কয় যে দেশখনে আত্মনিৰ্ভৰ ভাৰত আৰু মেক-ইন-ইণ্ডিয়াৰ দৰে পদক্ষেপৰ জৰিয়তে বিশ্বাসযোগ্য অংশীদাৰিত্ব আৰু গোলকীয় প্রতিযোগিতামূলক ক্ষেত্রখনলৈ আগবাঢ়ি গৈছে।
বৈঠকত বেলজিয়ামৰ মন্ত্ৰীগৰাকীয়ে সামূহিক প্ৰচেষ্টাৰ জৰিয়তে প্ৰতিৰক্ষা বাহিনীক শক্তিশালী কৰাৰ বাবে ভাৰত আৰু বেলজিয়ামৰ মাজত গভীৰ ঔদ্যোগিক সহযোগিতাৰ শক্তিশালী সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ যৌথ প্রচেষ্টাৰ জৰিয়তে বিকশিত নিৰাপত্তা পৰিৱেশত দুয়োখন দেশৰ সামৰিক বাহিনীক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভতো আলোকপাত কৰে।