ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আকর্ষণীয় পর্যায়ত উপনীত হৈছে। দক্ষিণ আফ্রিকাই আজি দ্বিতীয় দিনাৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত ৭টা উইকেটৰ বিনিময়ত ৯৩ ৰাণ সংগ্ৰহ কৰি খেলি আছিল। আজিৰ খেলত টেম্বা বাবুমা ২৯ আৰু কৰ্বিন বছে ১ ৰাণ কৰি খেলি আছে। দক্ষিণ আফ্রিকা ভাৰতৰ প্ৰথম ইনিংছতকৈ ৬৩ ৰাণত আগবাঢ়ি আছে। ইয়াৰ পূৰ্বে ভাৰতে আজি ১৮৯ ৰাণত প্ৰথম ইনিংছ সামৰে। ভাৰতৰ হৈ কে এল ৰাহুলে সর্বাধিক ৩৯ ৰাণ কৰে। ৱাম্বিংটন সুন্দৰে ২৯ ৰাণৰ বৰঙণি আগবঢ়ায়।
Assamese | November 15, 2025 7:58 PM | Test Cricket India-South Africa
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আকর্ষণীয় পর্যায়ত