ভাৰত আৰু চীনে এই মাহৰ শেষ ভাগত উভয় দেশৰ কেতবোৰ নিৰ্দিষ্ট স্থানৰ মাজত পোনপটীয়া বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতি যোগে দুয়োখন দেশৰ অসামৰিক বিমান পৰিবহণৰ কৰ্তৃপক্ষই পোনপটীয়া বিমান সেৱা পুনৰ আৰম্ভ কৰা আৰু বিমান সেৱা চুক্তিৰ সংশোধন সন্দৰ্ভত কাৰিকৰী পৰ্যায়ৰ আলোচনা চলাই আছে৷ ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক পুনৰ স্বাভাৱিক কৰি তোলাৰ দৃষ্টিভংগীৰ অধীনত চৰকাৰে চলিত বৰ্ষৰ প্ৰথম ভাগৰে পৰাই ভালেমান উদ্যম গ্ৰহণ কৰিছে। পোনপটীয়া বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ বিষয়টো উভয় দেশৰ নিৰ্দিষ্ট বিমান পৰিবহণ কোম্পানী আৰু পৰিচালন মান পূৰণৰ ওপৰত নিৰ্ভৰ কৰিব। অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ মাজৰ এই চুক্তিয়ে ভাৰত আৰু চীনৰ জনসাধাৰণৰ মাজত সম্পৰ্ক অধিক সুচল কৰি তুলিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। ইয়াৰ ফলত দ্বিপাক্ষিক বিনিময় অধিক সুগম হৈ উঠিব বুলি আশা কৰা হৈছে।
Assamese | October 3, 2025 12:11 PM | China | India
ভাৰত আৰু চীনৰ কেতবোৰ নিৰ্দিষ্ট স্থানৰ মাজত পোনপটীয়া বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ সন্মতি প্ৰকাশ