ভাৰত আৰু ইৰাণে আজি ছাবাহাৰৰ শ্বহিদ বেহেষ্টি বন্দৰৰ দীৰ্ঘম্যাদী পৰিচালনাৰ সন্দৰ্ভত চুক্তিত স্বাক্ষৰ কৰে। ইৰাণত আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। শ্ৰীসোণোৱাল আজি পুৱা চৰকাৰী কাৰ্যসূচীৰে ইৰাণত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত ইণ্ডিয়া প’র্ট গ্লোবেল লিমিটেড আৰু ইৰাণৰ বন্দৰ আৰু সামুদ্রিক সংস্থাৰ মাজত চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিয়ে চাবাহাৰত ভাৰতৰ দীৰ্ঘম্যাদী যোগসূত্ৰৰ ভেঁটি স্থাপন কৰিব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। তেওঁ লগতে এই চুক্তি স্বাক্ষৰৰ ফলত চাবাহাৰ বন্দৰৰ কাৰ্যক্ষমতাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব বুলিও উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে সামাজিক মাধ্যমৰ এটা বার্তাযোগে কয় যে, এই চুক্তিয়ে দুয়োখন দেশৰ দ্বিপাক্ষিক অংশীদাত্বিক এটা নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে আফগানিস্তান, মধ্য এছিয়া আৰু ইউৰো-এছিয়াৰ সৈতে ভাৰতৰ যোগসূত্ৰ বৃদ্ধি কৰাত সহায় কৰিব।
Assamese | May 13, 2024 8:22 PM | India Iran
ভাৰত আৰু ইৰাণৰ মাজত ছাবাহাৰৰ শ্বহিদ বেহেষ্টি বন্দৰৰ দীৰ্ঘম্যাদী পৰিচালনাৰ সন্দৰ্ভত চুক্তিত স্বাক্ষৰ