ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এই সপ্তাহত দ্বিপাক্ষিক বাণিজ্য চুক্তি সম্পর্কে আলোচনা কৰিব। দুয়োখন দেশে দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰথম অংশৰ প্ৰসংগ চৰ্তত কালি হস্তাক্ষৰ কৰে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বাণিজ্য আৰু উদ্যোগ সচিব সুনিল বর্ণবানে কয় যে দুয়োপক্ষই পৰস্পৰৰ বাবে লাভদায়ক, বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক চুক্তিৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত বহুন ভিত্তিত সহমতত উপনীত হৈছে। তেওঁ কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই আৰোপ কৰা প্ৰতিশুল্কৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বাবে উদ্বেগ আৰু সুযোগৰ সৃষ্টি হৈছে। তেওঁ কয়, যে ভাৰতে আমেৰিকাৰ সৈতে ব্যৱসায়িক উদাৰিকৰণৰ পথ গ্রহণ কৰিছে। এই পথে দুয়োখন ৰাষ্ট্ৰৰ বাবে অপাৰ সুযোগ সৃষ্টি কৰিব বুলি তেওঁ উল্লেখ কৰে। শ্ৰীবৰ্থৱানে কয় যে আমেৰিকাৰ সৈতে ভাৰতৰ ব্যৱসায়ৰ পৰিমাণ পৰৱৰ্তী পাঁচ বছৰত ৫০ হাজাৰ কোটি ডলাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
Assamese | April 16, 2025 2:19 PM | USA-India MOU
ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই দ্বিপাক্ষিক বাণিজ্য চুক্তি সম্পর্কে আলোচনা কৰিব