বিদেশ সচিব বিক্রম মিশ্ৰীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত কৌশলগত স্বার্থ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে। আমেৰিকাৰ চিনেটৰ দ্বাৰা দেশখনৰ উপ-বিদেশ মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰা ক্ৰিষ্ট’ফাৰ লেণ্ডাওক অভিনন্দন জ্ঞাপন কৰি শ্ৰীমিশ্ৰীয়ে দুয়োখন দেশৰ মাজৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্ব প্রয়োজন সন্দৰ্ভত আলোকপাত কৰে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বাণিজ্য, প্ৰতিৰক্ষা আৰু প্ৰযুক্তি সহযোগিতা বৃদ্ধিৰ লগতে প্ৰব্ৰজনৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰতো আলোচনা কৰে। দুয়ো পক্ষই পাৰস্পৰিক স্বার্থজড়িত বিষয়সমূহৰ সন্দৰ্ভত দেশ দুখনৰ মাজৰ আলোচনা চলাই নিবলৈ সহমত প্ৰকাশ কৰে। ভাৰতৰ বিদেশ সচিবগৰাকীয়ে শ্রীলেণ্ডাওক ভাৰত ভ্ৰমণৰ বাবেও আমন্ত্রণ জনায়।
Assamese | March 29, 2025 11:46 AM | Vikram Misri
ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত কৌশলগত স্বার্থ শক্তিশালী কৰাত গুৰুত্ব আৰোপ