ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰস্তাৱিত দ্বি-পাক্ষিক ব্যৱসায়িক চুক্তিৰ বাবে আলোচনা আৰম্ভ কৰিবলৈ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুছ গোৱেল আজি ৱাশ্বিংটনলৈ ৰাওনা হ’ব। শ্রীগোৱেলে আমেৰিকাৰ বাণিজ্য প্রতিনিধি জেমেইছন গ্ৰীৰ আৰু বাণিজ্য সচিব হাওৱাৰ্ড লুটনিকৰ সৈতে আলোচনা কৰাৰ সম্ভাৱনা আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া ৱাশ্বিংটন ভ্ৰমণৰ সময়ত ২০৩০ চনৰ ভিতৰত দুয়ো দেশৰ বাণিজ্যক দুগুণতকৈ অধিক বৃদ্ধিৰ প্ৰতিশ্ৰুতি ঘোষণা কৰিছিল। বিগত মাহত শ্রীগোৱেলে কয়, যে ভাৰত আৰু আমেৰিকাই দ্বি-পাক্ষিক বাণিজ্য ৫০০ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰাৰ বাবে অহা ৬-৮ মাহৰ ভিতৰত দুয়োখন দেশ দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ আলোচনাত মিলিত হ’ব।
Assamese | March 3, 2025 11:33 AM | Piyush Goel America Visit
ভাৰত-আমেৰিকাৰ মাজত প্ৰস্তাৱিত দ্বি-পাক্ষিক ব্যৱসায়িক চুক্তিৰ আলোচনাৰ বাবে মন্ত্ৰী পীয়ুষ গোৱেলৰ ৱাশ্বিংটন ভ্ৰমণ