ভাৰতৰ স্বাত্বিকসাইৰাজ ৰনকীৰেদ্দী আৰু ছিৰাগ চেট্টীৰ যুটিৰ চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল

ভাৰতৰ স্বাত্বিকসাইৰাজ ৰনকীৰেদ্দী আৰু ছিৰাগ চেট্টীৰ যুটিয়ে আজি চেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰে।

স্বাত্বিকসাইৰাজ আৰু ছিৰাগৰ যুটিটোৱে আজি ফাইনেলত চীনৰ হে জি টিং আৰু ৰেন জিয়াং যুক ১১-২১, ২১-১৩, ২১-১৭ গেমত পৰাস্ত কৰি ভাৰতৰ হৈ চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ প্ৰথম খিতাপ দখলকাৰী হিচাপে পৰিগণিত হয়। এই জয়েৰে ভাৰতীয় যুটীটোৱে চলিত বৰ্ষৰ দ্বিতীয়তো খিতাপ অর্জন কৰে।

তেওঁলোকে ইয়াৰপূর্বে ছিংগাপুৰ অপেন ছুপাৰ ৭৫০ৰ খিতাপ দখল কৰাৰ বিপৰীতে থাইলেণ্ড অপেন ছুপাৰ ৫০০ প্রতিযোগিতাত ৰাৰ্ণাছআপ হয়। বিশ্বৰ ৫ নম্বৰ স্থানৰ স্বাত্বিকসাইৰাজ আৰু ছিৰাগৰ যুটিটোৱে ছেমিফাইনেলত মালয়েছিয়াৰ নুৰ মহম্মদ অজিয়ন আয়ু আৰু টেন বি কিয়ঙক ২১-১৫, ১৮-২১, ২১-১১ গেমত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।