ভাৰতৰ মহিলা ক্রিকেট দলটো আজি শ্ৰীলংকাৰ বিৰুদ্ধে পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত অৱতীৰ্ণ হ’ব। খেলখন কেৰালাৰ তিৰুৱনন্তপুৰমৰ গ্ৰীন ফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব। হৰমন প্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ইতিমধ্যে শৃংখলাৰ চাৰিখন খেলত বিজয় অর্জনেৰে অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰিছে। শৃংখলাত দেওবাৰে অনুষ্ঠিত চতুৰ্থখন খেলত ঘৰুৱা দলটোৱে ৩০ ৰানৰ ব্যৱধানত জয়লাভ কৰিছিল।
পৰৱৰ্তী বৰ্ষৰ জুন-জুলাইত হ’বলগীয়া মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰস্তুতিৰ প্ৰতি লক্ষ্য ৰাখি চলিত শৃংখলাটো ভাৰতীয় দলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে। অহা মাহত হ’বলগীয়া মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত অংশ ল’বলগীয়া খেলুৱৈসকলেও এই শৃংখলাৰ জৰিয়তে প্ৰস্তুতিৰ সুযোগ লাভ কৰিছে।
Assamese | December 30, 2025 10:26 AM | Woman Indian Cricket Team
ভাৰতৰ মহিলা ক্রিকেট দলটো শ্ৰীলংকাৰ বিৰুদ্ধে পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত অৱতীৰ্ণ হ’ব