ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দান কৰা কাগজ পত্ৰসমূহ কংগ্ৰেছ দলৰ প্ৰাক্তন সভানেত্রী ছোনিয়া গান্ধীয়ে ২০০৮ চনত প্রধানমন্ত্রী সংগ্ৰহালয় আৰু পুথিভঁৰালৰ পৰা লৈ যোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ পিছতে আজি বিজেপিয়ে কংগ্ৰেছ দলক কঠোৰভাৱে সমালোচনা কৰে। প্ৰধানমন্ত্রী সংগ্ৰাহালয় আৰু পুথিভঁৰালৰ সদস্য আৰু ইতিহাসবিদ ৰিজৱান কাদ্ৰীয়ে শেহতীয়াকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰি কাগজ পত্ৰ সমূহ ঘূৰাই দিবলৈ অনুৰোধ জনাইছিল। সংসদ ভৱনৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র সম্বিত পাত্রই কয় যে প্রাক্তন প্রধানমন্ত্রী নেহৰুৱে এডৱিনা মাউণ্টবেটেন, জয়প্রকাশ নাৰায়ণকে ধৰি কেইবাগৰাকী ব্যক্তিলৈ লিখা ৫১ কার্টন চিঠি ছোনিয়া গান্ধীয়ে ইউ পি এৰ অধ্যক্ষ হৈ থকাৰ সময়ত ওভতাই লৈ গৈছিল৷ তেওঁ লগতে ২০১০ চনত সকলো নথি-পত্ৰ ডিজিটেলাইজ কৰা হ’ব বুলি সিদ্ধান্ত লোৱাৰ পাছত ছোনিয়া গান্ধীয়ে কিয় খৰখেদাকৈ চিঠিসমূহ ওভতাই নিলে বুলি প্রশ্ন উত্থাপন কৰে। ইফালে কংগ্রেছে বিজেপিক প্ৰত্যুত্তৰ দি কয় যে শাসকীয় দলটোৱে এটা আগশাৰীৰ ব্যৱসায়িক গোটৰ বিৰুদ্ধে উৎকোচৰ অভিযোগৰ সৈতে জড়িত বিষয়টোৰ পৰা ফালৰি কটাৰ চেষ্টা কৰিছে। সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ আগত দলৰ সাংসদ ইমৰাণ মাছুদে এই বিষয়টোৰ পৰা অন্য দিশলৈ ঠেলি দিয়াটো বিজেপিৰ ৰাজনৈতিক অভিসন্ধি বুলিও মন্তব্য কৰে।
Assamese | December 16, 2024 7:20 PM | BJP Congress
ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দান কৰা কাগজ পত্ৰসমূহ কংগ্ৰেছে নিয়াক লৈ বিজেপিৰ কঠোৰ সমালোচনা