নির্ধাৰিত নীতি আৰু বিত্তীয় সাহায্যৰ বাবে ভাৰতৰ দীপ টেক ষ্টার্ট আপতন্ত্র দ্রুতভাবে সম্প্ৰসাৰিত হৈছে বুলি ইলেকট্রনিকছ আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে প্রকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে বর্তমান দেশৰ ৮০ শতাংশ ষ্টার্ট আপ প্রতিষ্ঠানেই কৃত্রিম বুদ্ধিমত্তা আধাৰিত। তেওঁ লগতে কয় যে ভাৰত অর্ধপৰিবাহী মিছনৰ অধীনত ডিজাইন আধাৰিত উদগণি আঁচনিৰ জৰিয়তে বৰ্তমানলৈকে ২৩টা স্টার্ট আপ প্রতিষ্ঠানলৈ সাহায্য আগবঢ়োৱা হৈছে। ২০২৫ চনৰ ছেমিকন ইণ্ডিয়ান শীর্ষ সন্মিলনত ১০০ কোটি ডলাৰৰ ভাৰত দীপ টেক জোঁটৰ কথা ঘোষণা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে ১ লাখ কোটি টকাৰে গঠন কৰা গবেষণা উন্নয়ন আৰু উদ্ভাবন পুঁজিয়ে উদ্ভাবনমূলক সামর্থ্য বৃদ্ধিত যথেষ্ট সহায় কৰিছে।
Assamese | January 16, 2026 8:41 PM | Start-Up in Vaishnav
ভাৰতৰ দীপ টেক ষ্টার্ট-আপতন্ত্র দ্রুতভাবে সম্প্ৰসাৰিত হৈছে : মন্ত্রী অশ্বিনী বৈষ্ণৱ