প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ উন্নয়নৰ বাবে দেশখনৰ পূব প্ৰান্তৰৰ উন্নয়ন হোৱাটো অপৰিহাৰ্য। বিহাৰৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত কালি এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠাৰ সৈতে হোৱা কথা বতৰাত নৰেন্দ্ৰ মোদীয়ে কয় যে পূব ভাৰতক উন্নয়নৰ ইঞ্জিন হিচাপে ৰূপান্তৰিত কৰা উচিত। তেওঁ লগতে কয় যে বিজেপি চৰকাৰে অঞ্চলটোৰ আন্তঃগাঁথনি, শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। চলিত লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০০ৰো অধিক আসন লাভ কৰিব বুলিও প্রধানমন্ত্রী গৰাকীয়ে মন্তব্য কৰে।
Assamese | May 13, 2024 10:59 AM | PM Modi Interview
ভাৰতৰ উন্নয়নৰ বাবে দেশৰ পূব প্ৰান্তৰৰ উন্নয়ন হোৱাটো অপৰিহাৰ্য : প্রধানমন্ত্ৰী