ভাৰতৰ অৰ্জুন এৰিগাইচিয়ে কাটাৰৰ ডোহাত চলি থকা চলিত বৰ্ষৰ এফ আই ডি ই বিশ্ব ব্লিট্জ দবা প্রতিযোগিতাৰ প্ৰথম দিনৰ অন্তত পইণ্ট তালিকাৰ শীৰ্ষ স্থানত উপনীত হৈছে। প্ৰতিযোগিতাৰ মুকলি শিতানত ১৩টা ৰাউণ্ডৰ অন্তত লাভ কৰা ১০ পইণ্টৰ সুবাদত খেলুৱৈগৰাকী সম্প্ৰতি মেক্সিম ভাছিয়াৰ লাগ্রেভ আৰু ফেবিয়ানো কাৰোৱানাৰ সৈতে পইণ্ট তালিকাৰ শীৰ্ষত আছে। প্রতিযোগিতাত খেলুৱৈগৰাকীয়ে কালি নৱম ৰাউণ্ডত নৰৱেৰ গ্ৰেণ্ড মাষ্টাৰ মেগনাছ কাৰ্লচেনক পৰাস্ত কৰে।
Assamese | December 30, 2025 10:35 AM | Chess Player
ভাৰতৰ অৰ্জুন এৰিগাইচি এফ আই ডি ই বিশ্ব ব্লিট্জ দবা প্রতিযোগিতাৰ প্ৰথম দিনৰ অন্তত পইণ্ট তালিকাৰ শীৰ্ষ স্থানত উপনীত