September 27, 2026 7:15 PM | PM Modi's Mann Ki Baat

printer

ভাৰতে সন্ত্রাসবাদৰ বিৰুদ্ধে বিশ্বৰ সন্মুখত শক্তিশালী স্থিতি প্রতিপন্ন কৰিছে বুলি প্রধানমন্ত্রীৰ মন কী বাতত প্রকাশ

সেনা বাহিনীয়ে পাকিস্তানত থকা সন্ত্রাসবাদী ঘাটিসমূহক লক্ষ্য কৰি চলোৱা ছাৰ্জিকেল স্ট্রাইকে বিশ্বৰ সন্মুখত ভাৰতৰ সন্ত্রাসবাদ বিৰোধী শক্তিশালী স্থিতিকে প্রতিপন্ন কৰিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রকাশ কৰিছে। শ্রী মোদীয়ে আজি আকাশবাণীৰ মন কি বাত অনুষ্ঠানত এই বিষয়ে উল্লেখ কৰি কয়, যে কাইলৈ এই আক্ৰমণৰ দশম বর্ষপূর্তি পালন কৰা হ’ব।

তেওঁ কয়, যে সন্ত্রাসবাদৰ বিৰুদ্ধে আক্রমণ চলোৱাৰ বাবে ভাৰতীয় সাহসী সৈনিকসকলে কিদৰে নিয়ন্ত্ৰণৰেখা অতিক্ৰম কৰিছিল তাক প্রত্যক্ষ কৰি সমগ্র বিশ্ব আশ্বর্যচকিত হৈ পৰিছিল। দেশত এসময়ত ধাৰাবাহিক বিস্ফোৰণ সাধাৰণ কথা আছিল বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয়, যে ২০০৮ চনৰ ১৩ ছেপ্টেম্বৰত দিল্লীত হোৱা ধাৰাবাহিক বিস্ফোৰণত ভালেসংখ্যক নিৰীহ লোকে প্রাণ হেৰুৱাইছিল।

ইয়াৰে কেইটামান সপ্তাহ পাছত ২৬ নৱেম্বৰত মুম্বাইত সন্ত্রাসবাদী আক্রমণ সংঘটিত হৈছিল। তেওঁ কয়, যে ভাৰতে সম্প্রতি সন্ত্রাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি অনুসৰণ কৰিবলৈ লৈছে আৰু ইয়াৰ ফলাফলো পৰিলক্ষিত হৈছে।

তেওঁ কয়, যে এই বছৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৰ্ল্ড ট্রেড চেণ্টাৰৰ ওপৰত ১১ ছেপ্টেম্বৰত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে। আমেৰিকাৰ নাগৰিকৰ পাছতেই সর্বাধিক ভাৰতীয় নাগৰিক এই আক্ৰমণৰ বলি হৈছিল বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।