ভাৰতে আজি মালয়েছিয়াৰ জোহৰ বাহকত অনুষ্ঠিত পুৰুষৰ চুলতান জোহৰ কাপ জুনিয়ৰ হকী প্রতিযোগিতাৰ এখন খেলত নিউজিলেণ্ডক ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ অর্শদীপ সিং, পি বি সুনীল, অৰিজিৎ সিং হুন্দাল আৰু ৰোচন কুজুৰে গ’ল দিয়ে। নিউজিলেণ্ডে খেলখনত সমতা স্থাপনৰ বাবে চেষ্টা চলায় আৰু অধিনায়ক বুছ নেলচন আৰু এইডেন বাক্সে দুটা গ’ল পৰিশোধ কৰে। আজি অনুষ্ঠিত আন এখন খেলত পাকিস্তানে মালয়েছিয়াক ৭-২ গ’লত পৰাভূত কৰে। ভাৰত মঙলবাৰে হ’বলগীয়া এখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীর্ণ হ’ব।
Assamese | October 12, 2025 9:17 PM | Johar Cup Hockey
ভাৰতে পুৰুষৰ চুলতান জোহৰ কাপ জুনিয়ৰ হকী প্রতিযোগিতাত নিউজিলেণ্ডক ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে