প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতে নতুন দিল্লীত বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰি যথেষ্ট গৌৰৱবোধ কৰিছে। ছ’চিয়েল মিডিয়াৰ এটা পষ্টত শ্রীমোদীয়ে কয় যে, ভাৰতে এই সমিতিখনৰ অধিৱেশন প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে আৰু আজি সন্ধিয়াৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে। দেশৰ ঐতিহ্য সংৰক্ষণৰ উপায় সন্দৰ্ভত মত-বিনিময় কৰাৰ বাবে ই এখন গুৰুত্বপূৰ্ণ মঞ্চ বুলি প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ৭ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন মুকলি কৰিব। অনুষ্ঠানত শ্রীমোদীয়ে ভাষণ প্ৰদান কৰিব। ভাৰতত প্ৰথমবাৰৰ বাবে আয়োজন কৰা বিশ্ব ঐতিহ্য সমিতিৰ এই অধিৱেশনখন ৩১ জুলাইত সামৰণি পৰিব। এই বাৰ্ষিক অধিৱেশনত বিশ্ব ঐতিহ্যৰ সৈতে জড়িত সকলো বিষয়ৰ আলোচনাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ’বলগীয়া স্থানসমূহৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। বৈঠকৰ সময়ছোৱাত বিশ্ব ঐতিহ্য তালিকাত নতুন স্থান মনোনীত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব। ইয়াৰ উপৰি অধিৱেশনত বৰ্তমানৰ ১২৪টা বিশ্ব ঐতিহ্য ক্ষেত্র সম্পদ সংৰক্ষণৰ স্থিতিৰ প্ৰতিবেদন, আন্তঃৰাষ্ট্ৰীয় সাহায্য আৰু বিশ্ব ঐতিহ্য পুঁজিৰ ব্যৱহাৰ আদিৰ বিষয়েও আলোচনা কৰা হ’ব। অধিৱেশনত ১৫০ খন দেশৰ দুহেজাৰতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় আৰু দেশীয় প্রতিনিধিয়ে অংশগ্রহণ কৰিব।
Assamese | July 21, 2024 12:08 PM | World Heritage Committee
ভাৰতে নতুন দিল্লীত বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰি যথেষ্ট গৌৰৱবোধ কৰিছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী