ভাৰতে, দেশখনৰ বিৰুদ্ধে কানাডাই উত্থাপন কৰা অভিযোগৰ সমৰ্থনত কোনো ধৰণৰ তথ্য-প্রমাণ নাই বুলি দোহাৰিছে। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্রুডোৱে তদন্ত আয়োগৰ ওচৰত কৰা সাক্ষ্য দান সন্দৰ্ভত সংবাদ মাধ্যমে কৰা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধিৰ জয়ছৱালে কয় যে তেওঁৰ বক্তব্যই ভাৰতে ইমান দিনে কৈ অহা কথাকেই সত্য বুলি নিশ্চিত কৰিছে। খালিস্তানী সন্ত্রাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ সৈতে ভাৰত জড়িত বুলি প্ৰাৰম্ভিক অৱস্থাত অভিযোগ কৰাৰ পাছত এই অভিযোগৰ সত্যতা সন্দৰ্ভত কানাডাৰ চৰকাৰৰ ওচৰত কোনো নিশ্চিত প্রমাণ নাই বুলি দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰি লোৱাৰ পৰৱৰ্তী সময়ত ভাৰতে এই কথা প্ৰকাশ কৰে।
Assamese | October 17, 2024 6:40 PM | Canadian Prime Minister Justin Trudeau's deposition at the Commission of Inquiry
ভাৰতে, দেশখনৰ বিৰুদ্ধে কানাডাই উত্থাপন কৰা অভিযোগৰ সমৰ্থনত কোনো ধৰণৰ তথ্য-প্রমাণ নাই বুলি দোহাৰিছে