ভাৰতীয় ৰে’ল বিভাগে পৰৱৰ্তী দুবছৰত ৭৯০০ কিলোমিটাৰতকৈও অধিক পথ নৱীকৰণ কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে। ৰে’ল মন্ত্র্যালয়ে আজি এই কথা সদৰী কৰি কয়, যে ২০২৫-২৬ বিত্তীয় বর্ষত ৭৫০০ কিলোমিটাৰতকৈও অধিক ৰে’লপথ নৱীকৰণৰ কাম অব্যাহত আছে। বিগত বৰ্ষত ৬৮০০ কিলোমিটাৰতকৈও অধিক ৰেলপথ নৱীকৰণৰ কাম সম্পন্ন হোৱা বুলিও মন্ত্র্যালয়ে লগতে জানিবলৈ দিয়ে। ২০১৪ চনত দ্রুত গতিৰ ৰেলপথ ৩১ হাজাৰ কিলোমিটাৰ আছিল বুলি প্রকাশ কৰি মন্ত্ৰ্যালয়ে কয়, যে বর্তমান এই সংখ্যা দুগুণ হৈ ৮৪ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰিছে আৰু ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কৰ ৮০ শতাংশ পথতেই সম্প্রতি ঘণ্টাত ১১০ কিলোমিটাৰতকৈও অধিক বেগেৰে ৰে’ল চলাচল সম্ভৱ হৈ উঠিছে। বিগত ১১ বছৰত ৰে’ল বিভাগে পথ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে বহনক্ষম বিনিয়োগৰ জৰিয়তে নিৰাপত্তা ব্যবস্থা ত্বৰান্বিত কৰিছে বুলিও মন্ত্র্যালয়ে লগতে প্রকাশ কৰিছে।
Assamese | January 18, 2026 9:08 PM | Indian Railway
ভাৰতীয় ৰে’ল বিভাগে পৰৱৰ্তী দুবছৰত ৭৯০০ কিলোমিটাৰতকৈও অধিক পথ নৱীকৰণ কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে