ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল ধীৰাজ ছেথৰ ৰাছিয়াৰ স্থল বাহিনীৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন

তিনিদিনীয়া ৰাছিয়া ভ্ৰমণলৈ যোৱা ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল ধীৰাজ ছেথে ৰাছিয়াৰ স্থল বাহিনীৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে। এই ভ্রমণকালত সামৰিক সহযোগিতা শক্তিশালী কৰা আৰু দেশ দুখনৰ সামৰিক প্ৰশিক্ষণৰ সংযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত সামর্থ্য বিকাশ শক্তিশালী কৰাৰ ওপৰতো আলোচনাত আলোকপাত কৰা হয়।

মস্কোস্থিত সৈনিকৰ সমাধিস্থলত তেওঁ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, মস্কোৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা নিয়ন্ত্ৰণ কেন্দ্র পৰিদৰ্শন কৰি ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে তেওঁ মত বিনিময় কৰিব।

এই ভ্ৰমণৰ অংশ হিচাপে জেনেৰেল ছেথে ৰাছিয়াৰ চেণ্ট পিটাৰ্ছবাৰ্গ চহৰলৈও যাত্রা কৰিব, য’ত তেওঁ মিখাইল’ভস্কায়া মিলিটাৰী আর্টিলাৰী একাডেমী পৰিদৰ্শন কৰিব। মন্ত্রালয়ে কয় যে, এই ভ্রমণে দুয়োখন দেশে স্থায়ী সামৰিক কূটনীতি আৰু সেনাৰ সংযোগৰ গুৰুত্বক প্রতিফলিত কৰিছে।