ভাৰতীয় পুৰুষ আৰু মহিলা দলৰ কমনবেলথ কাৱাডী চেম্পিয়নশ্বিপত বিজয়ীৰ খিতাপ দখল

ভাৰতীয় পুৰুষ আৰু মহিলা দলটোৱে যোৱা নিশা আহমেদাবাদত অনুষ্ঠিত উদ্বোধনী কমনৱেলথ কাবাদী চেম্পিয়নশ্বিপত বিজয়ীৰ খিতাপ দখল কৰিছে। ফাইনেলত শ্রীলংকাক ৫৪-২০ৰ ব্যৱধানত পৰাস্ত কৰি ভাৰতীয় পুৰুষৰ দলটোৱে স্বর্ণ পদক লাভ কৰে।

ইয়াৰ পূৰ্বে ভাৰতীয় মহিলা দলেটোৱেও ফাইনেলত উগাণ্ডাৰ বিৰুদ্ধে ৩৫-১৫ ফলাফলত জয়লাভ কৰি স্বৰ্ণ পদক লাভ কৰে। এই জয়ৰ সৈতে, ভাৰতীয় পুৰুষ আৰু মহিলা দুয়োটা দলে স্ব-ভূমিত চেম্পিয়নশ্বিপৰ প্ৰথম সংস্কৰণত জয়লাভ কৰি ইতিহাস ৰচনা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।