ভাৰতীয় ৰে’লৰ নৱতম সংযোজন বন্দে ভাৰত শ্ৰীপাৰ ৰে’ল সেৱা অসমতো প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে। গুৱাহাটী আৰু কলকাতাৰ মাজত এই নতুন বন্দে ভাৰত শ্ৰীপাৰ সেৱা প্ৰৱৰ্তন কৰা হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি তেওঁৰ ফেচবুক পেজ যোগে এই কথা সদৰি কৰে। উল্লেখযোগ্য যে ২০২৩ চনত প্ৰৱৰ্তন কৰা বন্দে ভাৰত ৰে’ল সেৱা এতিয়ালৈকে দিনৰ ভাগতহে চলাচল কৰিছিল। ৰে’ল মন্ত্ৰালয়ে ইতিমধ্যে নিশাৰ ভাগত চলাচল কৰিব পৰা বন্দে ভাৰত শ্ৰীপাৰ সেৱাৰ স্পীড ট্রায়েল সম্পন্ন কৰিছে আৰু এই ট্ৰায়েলত ৰে’লগাড়ীখনে ঘণ্টাৰ সৰ্বোচ্চ ১৮০ কিলোমিটাৰৰ গতিবেগ অতিক্ৰম কৰিছে। গুৱাহাটী আৰু কলকাতাৰ মাজত প্ৰস্তাৱিত এই বন্দে ভাৰত শ্ৰীপাৰ সেৱাৰ সময়সূচী এতিয়ালৈকে ঘোষণা হোৱা নাই যদিও মহানগৰ দুখনৰ মাজৰ প্ৰায় এহেজাৰ কিলোমিটাৰ দূৰত্ব এই ৰেলগাড়ীখনে প্রায় ৮-৯ ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি আশা কৰা হৈছে ।
Assamese | January 1, 2026 8:05 PM | Vande Bharat in Assam
ভাৰতীয় ৰে’লৰ নৱতম সংযোজন বন্দে ভাৰত শ্ৰীপাৰ ৰে’ল সেৱা অসমতো প্ৰৱৰ্তনৰ সিদ্ধান্ত