ভাৰতীয় মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লা আৰু Axiom-4 অভিযানৰ আন তিনিজন মহাকাশচাৰীয়ে ১৮ দিনীয়া অভিযানৰ অন্তত আজি পৃথিৱীপৃষ্ঠত পদার্পণ কৰে। অভিযানৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত গৱেষণাৰ পাছত ড্ৰেগন কেপছুলৰ সহায়ত মহাকাশচাৰীসকলে প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰে। এই অভিযানৰ সফলতাৰ পাছতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে মহাকাশচাৰীসকলক আদৰণি জনায়। উল্লেখযোগ্য যে কালি বিয়লি ৪ বাজি ৩০ মিনিটত আনডকিং প্ৰক্ৰিয়া আৰম্ভ হৈছিল। অৱতৰণৰ পিছত গ্রুপ কেপ্তেইন শুভাংশু শুক্লাই অন্যান্য সদস্যসকলৰ সৈতে পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ লগত পুনৰ খাপ খাব পৰাকৈ ৭ দিনীয়া বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব। উল্লেখযোগ্য যে গ্রুপ কেপ্তেইন শুভাংশু শুক্লাই আন তিনিগৰাকী সদস্যৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় আৰু ১৯৮৪ চনত মহাকাশলৈ যোৱা উইং কমাণ্ডাৰ ৰাকেশ শৰ্মাৰ পিছত দ্বিতীয়জন ভাৰতীয় মহাকাশচাৰী হিচাপে পৰিগণিত হয়।
Assamese | July 15, 2025 9:14 PM | Subhangshu Sukla
ভাৰতীয় মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লা ১৮ দিনীয়া অভিযানৰ অন্তত পৃথিৱীপৃষ্ঠত পদার্পণ