স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কালি ভাৰতীয় ফাৰ্মাক’পিয়া আয়োগৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ফাৰ্মাক’পিয়েলৰ মানদণ্ড, ফার্মা-কো-ভিজিলেন্স ব্যৱস্থা আৰু নিয়ন্ত্ৰণ প্ৰক্ৰিয়া শক্তিশালী কৰাৰ ক্ষেত্ৰত আয়োগৰ ভূমিকাৰ শলাগ লয়। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে দেশ তথা বিশ্বৰ জনতাৰ বাবে ঔষধৰ গুণগত মান, সুৰক্ষা আৰু কাৰ্যকৰিতা নিশ্চিত কৰাৰ ক্ষেত্ৰত আয়োগে গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে। এই প্ৰচেষ্টাসমূহে আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পক বাস্তৱায়িত কৰি ভাৰতবৰ্ষৰ ক্ৰমবৰ্ধমান বৈজ্ঞানিক আত্মনিৰ্ভৰশীলতাক প্ৰতিফলিত কৰা বুলিও শ্ৰীনাড্ডাই উল্লেখ কৰে।
Assamese | December 27, 2025 12:29 PM | J P Nadda Indian Pharma
ভাৰতীয় ফাৰ্মাক’পিয়া আয়োগৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্রী জে পি নাড্ডাৰ