বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলক ইৰাণত কর্মসংস্থাপনৰ প্ৰতিশ্ৰুতি অথবা প্ৰস্তাৱৰ প্ৰতি সমর্থন নজনাবলৈ পৰামৰ্শ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিত কয়, যে শেহতীয়াকৈ ভাৰতীয় নাগৰিকসকলক ইৰাণত কর্মসংস্থাপনৰ মিছা প্ৰতিশ্ৰুতি দিয়া আৰু অন্য দেশলৈ কর্মসংস্থাপনৰ বাবে প্ৰেৰণ কৰাৰ প্রলোভন দিয়াৰ বহু ঘটনা পোহৰলৈ আহিছে। নিয়োগৰ বাবে এনেদৰে ইৰাণলৈ যোৱা বহু ভাৰতীয়ক অপৰাধী গোটে অপৰহণ কৰি তেওঁলোকৰ পৰিয়ালৰ পৰা ধন দাবী কৰে । মন্ত্র্যালয়ে লগতে কয়, যে ইৰাণ চৰকাৰে কেৱল পৰ্যটনৰ বাবেহে ভিছা নোহোৱাকৈ ভাৰতীয়ক প্ৰৱেশৰ অনুমতি দিয়ে। নিয়োগ অথবা আন উদ্দেশ্যত ইৰাণত ভিছাবিহীনভাৱে প্ৰৱেশৰ প্ৰতিশ্ৰুতি দিয়া এজেণ্টসমূহ অপৰাধী গোটৰ সৈতে সম্পৰ্কত থকা হ’ব পাৰে বুলি উল্লেখ কৰি মন্ত্ৰ্যালয়ে এনে জালত নপৰিবলৈ ভাৰতীয় নাগৰিকসকলক পৰামৰ্শ দিছে।
Assamese | September 20, 2025 12:58 PM | External Affairs Ministry
ভাৰতীয় নাগৰিকক ইৰাণত কর্মসংস্থাপনৰ প্ৰতিশ্ৰুতি অথবা প্ৰস্তাৱৰ প্ৰতি সমর্থন নজনাবলৈ পৰামৰ্শ