ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ ১২৫ বছৰীয়া জন্মদিৱসত আজি ৰাষ্ট্ৰই তেওঁলৈ শ্রদ্ধাঞ্জলি জনাইছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশ নাৰায়ণ সিং আৰু অন্যান্য নেতাসকলে ড° মুখাৰ্জীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সংবিধান সদনৰ চেণ্ট্ৰেল হলত অনুষ্ঠিত বিশেষ অনুষ্ঠানত ড° মুখাৰ্জীৰ প্ৰতি পুস্পাঞ্জলি অর্পন কৰি সকলোৱে তেওঁৰ অৱদানক স্মৰণ কৰে। ৰে’লৱে আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, সাংসদ মনোজ তিৱাৰী আৰু বাঁসুৰী স্বৰাজেও নতুন দিল্লীত ছহিদি পার্কত থকা ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি অৰ্পন কৰে। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতীয় ভাষাসমূহৰ গুৰুত্ব প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ড° মুখাৰ্জীৰ অৱদানক স্মৰণ কৰে। তেওঁ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ উল্লেখ কৰি কয়, যে চৰকাৰে ড° মুখাৰ্জীৰ ভাৰতীয় ভাষাসমূহৰ সংৰক্ষণ, প্ৰসাৰ আৰু বিকাশৰ ক্ষেত্ৰত থকা দৃষ্টিভংগীক অনুধাৱন কৰিছে। তেওঁ লগতে কয়, যে ভাৰতীয় সংবিধানৰ পৰা ২০১৯ চনত ৩৭০ অনুচ্ছেদ প্রত্যাহাৰ কৰাৰ জৰিয়তে ড° মুখাৰ্জীৰ সংগ্ৰামক বাস্তৱ ৰূপ দিব পৰা হয়। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই দলীয় ৰাজনীতিৰ উৰ্ধত গৈ ড° মুখাৰ্জীৰ দেশৰ প্ৰতি থকা প্ৰেমক স্মৰণ কৰে।
Assamese | July 6, 2025 2:17 PM | Shyama Prasad Mukherjee
ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ ১২৫ বছৰীয়া জন্মদিৱস