ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে তথ্যৰ বিশ্লেষণ আৰু সাক্ষ্য আধাৰিত উন্নয়ন কাৰ্যসূচীৰ ৰূপায়ণে চৰকাৰক জনসাধাৰণৰ অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত কৰাত সহায় কৰিছে। তেওঁ কয় যে নতুন অৱধাৰণা, পদ্ধতি আৰু প্ৰযুক্তিৰ মাধ্যমেৰে কৰ্ম দক্ষতা বৃদ্ধি কৰাটো ভাৰতীয় অর্থনৈতিক সেৱাৰ যুৱ বিষয়াসকলৰ দায়িত্ব। ৰাষ্ট্ৰপতি ভৱনত আজি ভাৰতীয় অর্থনৈতিক সেৱাৰ প্ৰশিক্ষণৰত বিষয়াৰ এটা গোটক সম্বোধন কৰি শ্ৰী মতী মুমুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে অর্থনৈতিক বিকাশ দেশৰ উন্নয়নৰ গুৰুত্বপূৰ্ণ উপাদান। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে নীতি সম্পৰ্কীয় পৰামৰ্শ প্ৰদান আৰু সিদ্ধান্ত গ্ৰহণৰ সময়ত দেশৰ দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ স্বাৰ্থৰ কথা মনত ৰাখিবলৈ যুৱ বিষয়াসকলৰ প্ৰতি আহ্বান জনায়।
Assamese | April 16, 2024 7:35 PM | President Address
ভাৰতীয় অর্থনৈতিক সেৱাৰ প্ৰশিক্ষণৰত বিষয়াক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ সম্বোধন