প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতবৰ্ষক ৰামৰাজ্য সদৃশ কৰি তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্ৰৰ ধৰ্মধবজা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। শ্ৰীৰামচন্দ্ৰ নিজেই মূল্যবোধৰ প্ৰতীক আছিল আৰু এতিয়াও তেওঁ দেশৰ প্ৰতিটো অংশতে বিদ্যমান বুলি মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, আমাৰ দেশখনক আমি ৰামৰাজ্যৰ ভাৰতৰ দৰে কৰি তুলিবলৈ বিচাৰো । উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী মোডীয়ে আজি পবিত্ৰ শ্ৰীৰামজন্মভূমি মন্দিৰৰ শিখৰত গেৰুৱা পতাকা উত্তোলন কৰাৰ জৰিয়তে এই মন্দিৰৰ নিৰ্মাণ আনুষ্ঠানিকভাৱে সম্পূৰ্ণ হোৱা তথা সাংস্কৃতিক উদযাপন আৰু ৰাষ্ট্ৰীয় একতাৰ এটা নতুন অধ্যায়ৰ সূচনা কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমোদীয়ে সমগ্র বিশ্ব সম্প্রতি ৰামময় হৈ পৰা বুলি উল্লেখ কৰি কয়, যে এই ধর্মধবজা কেৱল পতাকাই নহয়, বৰঞ্চ এয়া পুনৰ জাগৰণ এখন ধবজা আৰু ই ৰামৰাজ্যৰ নীতিক সাৰোগত কৰা এটা আৰম্ভণিৰ লগতে সংগ্ৰামৰ কাহিনীক প্ৰতিফলিত কৰে৷
Assamese | November 25, 2025 6:33 PM | PM-AYODHYA
ভাৰতবৰ্ষক ৰামৰাজ্য সদৃশ কৰি তুলিবলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগ্ৰহ প্ৰকাশ