April 21, 2025 7:41 PM | Bihu

printer

বৰপেটা সত্ৰৰ ব’হাগ বিহুৰ আজি সামৰণি

সত্ৰকেন্দ্ৰিক ৰীতি-নীতিৰে উদযাপন কৰা বৰপেটা সত্ৰৰ ব‘হাগ বিহুৰ আজি সামৰণি পৰে। এই উপলক্ষে আজি পৰম্পৰাগতভাৱে সত্ৰৰ কৰাপাট অর্থাৎ বাটচ‘ৰাৰ বাহিৰত থিয়নাম অনুষ্ঠিত হয়। বৰপেটা সত্ৰৰ তিনিখন হাটীৰ অন্তৰ্গত ভকতসকলে থিয়নাম পৰিৱেশন কৰি বৈহাগৰ দহী হিচাপে পৰিচিত ব‘হাগ বিহু আনুষ্ঠানিকভাৱে বিদায় দিয়ে। উল্লেখযোগ্য যে চ‘তৰ শেষ দিনটোৰ পৰা ব‘হাগৰ ছদিনলৈ বৰপেটা সত্ৰত ব‘হাগ বিহু পালন কৰা হয়। সত্ৰৰ থুল তিনিহাটীৰ লগত সংগতি ৰাখি সাত ব‘হাগত তিনিখন নামথলীত থিয়নাম পৰিৱেশন কৰা হয়। আজি সেৱা জনাবলৈ সমবেত হোৱা ভকতসকলে পৰম্পৰাগতভাৱে গুঁড়, চেনি আৰু গুৱামুৰি প্ৰসাদ হিচাপে আগবঢ়ায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।