বৰপেটা সত্ৰৰ পৰম্পৰাগত বর্ষফল গণনা আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। ৰাজ্যখনৰ বাবে অসমীয়া ১৪৪৭ শকটো মিশ্ৰিত হ’ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাবে এই বছৰটো শুভ হ’ব যদিও সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ বাবে বছৰটো বৰ শুভ নহ’ব বুলি গণনাৰ ফলাফলত কোৱা হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বাবে ২০২৬ চনৰ নৱেম্বৰলৈকে শুভ দশা চলি থাকিব। অৱশ্যে ১৪ আহাৰৰ পৰা ৰাহু আৰু কেতুৰ দশাৰ বাবে ৰাজনৈতিক ক্ষেত্ৰত ড° শৰ্মা কিছু সাৱধান হোৱা ভাল বুলি গণনাত কোৱা হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে অহা ২৭ মেলৈকে অশুভ ফল গণনাত পোৱা গৈছে।
Assamese | April 15, 2025 7:38 PM | barpeta satra
বৰপেটা সত্ৰৰ পৰম্পৰাগত বর্ষফল গণনা প্ৰকাশ